16
Sep
2017

চিচিবৰগাঁওঃ যোৱা দুদিন ধৰি ধেমাজিত বিদ্যুৎৰ যোগান বন্ধ হৈ পৰাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে ধেমাজিৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অসম চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্ত্তি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে।
শক্তি মন্ত্ৰী হায় হায়, বিদ্যুৎ পৰিষদ হায় হায়, অসম চৰকাৰ হুচিঁয়াৰ, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্ল’গানেৰে পৰিষদৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্য্যসূচীত জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, সাংস্কৃতিক সম্পাদক পুলেন দাসকে ধৰি সদৰ আঞ্চলিক সমিতিৰ সভাপতি ভূপেন দিহিঙীয়া আৰু সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়া উপস্থিত থাকে।