বৰক্ষেত্ৰীঃ ঐতিহ্যমণ্ডিত মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উদযাপিত হয় নৱাগত আদৰণি সভা। দিনযোৰা কাৰ্যসূচীৰে আয়োজিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী মতে আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ সুদৰ্শন পাঠকে।

বিভিন্ন গীত মাত নৃত্যৰে মুকলি চৰা পাৰ কৰাৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। প্ৰাক্তন ভাৰপ্ৰাপ্ত অধক্ষ্য ইয়াৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক অধিবক্তা দীপক শৰ্মাই এক তাৎপৰ্যপূৰ্ণ আৰু শিক্ষাৰ্থীৰ উপযোগী ভাষণ প্ৰদান কৰে।

সাংবাদিক গৰাকীয়ে মহান মহান ব্যক্তিসকলৰ উদাহৰণ দাঙি ধৰি সাৰুৱা ভাষণ প্ৰদান কৰে। উক্ত সভাত এইবেলি বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীন্ন ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।