17
Sep
2017

NDTV.com
কাজিৰঙাঃ বিশ্বকৰ্মা পূজা চলি থকাৰ সময়তে কাজিৰঙাত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ প্ৰাণ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কাজিৰঙাৰ কহৰাত ৰাষ্ট্ৰীয় ঘাই পথত এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী পথচাৰীক৷
ফলত পথৰ দাতিৰে খোজকাঢ়ি গৈ থকা লোকজনৰ থিতাতে মৃত্যু হয়৷ তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত অম্লেশ ঝা নামৰ লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ কহঁৰা আৰক্ষীয়ে অভিযান চলাই মালভৰ্তি ট্ৰাক খন জব্দ কৰা বুলি জানিব পৰা গৈছে৷