
নামতিঃ মৃত্যুৰ কুৱঁলী বৰণীয়া চাদৰখন গাত মেৰিয়াই গুছি গ’ল অৱসৰ প্রাপ্ত বন বিষয়া বুধিন শইকীয়া৷ শিৱসাগৰ জিলাৰ নামতিৰ টিপমীয়া গাঁৱৰ নিবাসী বুধিন শইকীয়াৰ দেওবাৰে পুৱা যোৰহাটৰ মিছন চিকিৎসালয়ত পৰোলোকপ্ৰাপ্তি ঘটে৷ ৬১ বছৰীয়া শইকীয়া বিগত কেইবাদিনো ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷
বন বিষয়া হিচাপে কৰ্মজীৱন সমাপ্ত কৰি অৱসৰ গ্ৰহণ কৰাৰ এবছৰ পাছতেই পৰোলোকপ্ৰাপ্তি ঘটা শইকীয়া আছিল এগৰাকী সমাজ সেৱক৷ অঞ্চলটোৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ সতে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে জড়িত থাকি সদায় সমাজৰ হকে কাম কৰা শইকীয়াৰ মৃত্যুত নামতি অঞ্চলৰ দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে গভীৰ শোক প্ৰকাশ কৰিছে৷
আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক অখিল আহোম, আটাছু বৰুৱাপুখুৰী আঞ্চলিক সমিতি, ৰূপজান যুৱ সংঘ, খৰাগঁড় কলাকৃষ্ঠি কেন্দ্র আদি বিভিন্ন দল-সংগঠনে আজি বুধিন শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ সমাজহৈতষী ব্যক্তি বুধিন শইকীয়াই মৃত্যুৰ সময়ত পত্নী আৰু জী-জোৱাই সহ অসংখ্য আত্মীয় স্বজন আৰু গুণমুগ্ধ এৰি থৈ যায়৷