
ডিজিটেল ডেস্কঃ দেশত নজিৰ সৃষ্টি কৰি তামিলনাডু বিধান সভাৰ অধ্যক্ষই একেদিনে বহিস্কাৰ কৰিলেত ১৮ গৰাকীকৈ বিধায়কক। অধ্যক্ষ পি ধনপালে সাহসী পদক্ষেপ লৈ বহিস্কাৰ কৰা বিধায়কসকল শশীকলা তথা তেওঁৰ ভতিজা দিনকৰণৰ সমর্থিত। ১৮গৰাকীকৈ বিধায়কক বহিস্কাৰ কৰাত তামিলনাডুৰ ৰাজনীতিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হয়৷
দল বিৰোধী তথা বিসম্বাদী বিধায়ককেইজনে প্ৰায়ে শশীকলা তথা তেওঁৰ ভতিজা দিনকৰণৰ পক্ষত থিয় দিয়াৰ লগতে মন্তব্য প্ৰকাশ কৰি আহিছিল৷ সংবিধানৰ ১০নং ধাৰা তথা ১৯৮৬ চনত গৃহিত তামিলনাডু এছেম্বলী মেম্বাৰ্চ পাৰ্টী ডিফেকচন ল’ৰ অধীনত বিধায়কসকলক বহিস্কাৰ কৰা বুলি জানিব পৰা গৈছে।
১৮ জনক বহিস্কাৰ কৰাৰ ফলত ২৩৮ জনীয়া তামিলনাডু বিধান সভা এতিয়া ২১৫ জনীয়া হ'ল। আনহাতে মৃত্যুৰ কেবামাহ পাৰ হোৱাৰ পাছতো খালী হৈ আছে প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ আৰ কে নগৰ আসনখন। বৰ্তমানে তামিলনাডু বিধান সভাত শাসক দল এ আই এ ডি এম কেৰ বিধায়কৰ সংখ্যা অধ্যক্ষ সহিতে ১১৬ জন, ডি এম কেৰ ৮৯, কংগ্ৰেছৰ ৮ জন আৰু আই ইউ এম এলৰ এজন। সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১০৮টা ভোট শাসক দলৰ পক্ষত এতিয়াও আছে৷
শাসকীয় দলটোৰ প্ৰাক্তন সম্পাদক শশীকলাৰ ৰাজনৈতিক প্ৰভাৱ দলৰ পৰা সমুলঞ্চে নাইকিয়া কৰাৰ বাবেই এই বহিস্কাৰৰ দৰে সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে৷ ৰাজনৈতিক অস্থিৰতা আহিব বুলি একাংশ লোকে সন্দেহ কৰিছে যদিও শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে একাংশ লোকে৷ কিছুদিন পূৰ্বে শশীকলা আৰু দিনকৰণক দলৰ মুখ্য পদবীৰ পৰা আঁতৰাই দিয়াৰ পাছত ১৮ গৰাকী বিধায়কক বহিস্কাৰ কৰে। দিনকৰণে বিধানসভাৰ অধ্যক্ষৰ এই সিন্ধান্তৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্যয়ালয়ত গোচৰ তৰা বুলি জানিব পৰা গৈছে।