
তিনিচুকীয়াঃ প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানে ধৰিত্ৰীৰ বুকুৰ পৰা সকলো মলি ধুই নিকা কৰি যোৱাৰ মাথোঁ দুটিমান ক্ষণৰ পাছতেই পৃথিৱীৰ পদুলি মুখত শৰৎ পালেহি৷
বাৰিষাৰ বোকোচাত উঠি অহা শৰতৰ আগমনে আৱাল-বৃদ্ধ-বনিতাৰ দেহ মনত নৱ-যৌৱনৰ হেন্দোলনি তুলি সৰ্বত্ৰে মানুহৰ খেয়ালী মনত নতুন অনুভূতি জগাই তুলিছে৷ শেৱালীৰ সুবাস, আহিনৰ কুৱঁলি, শ্যামলী পথাৰৰ মৃদু মলয়া, কৰম পুজাৰ মাদলৰ ছন্দত প্ৰাণ পাই উঠা বুধুৱা-মিনিহঁতৰ হেঁপাহৰ শৰৎ৷
আগচোতালৰ দুৱৰিত সূৰ্যৰ পোহৰত চিকমিকাই উঠা মুকুতাবোৰেও বতৰা দিলেহি শাৰদীয় ঋতু আগমনৰ৷ শৰতৰ এই নিয়ৰসিক্ত সেমেকা ৰাতিৰ কোনোবা ক্ষণতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল "শাৰদী ৰাণী তোমাৰ হেনো নাম.......... "।
হয়তো ভূপেনদাৰো প্ৰিয় ঋতু আছিল শৰৎ৷ কৃষকৰ হেপাঁহৰ সেউজীয়া ৰঙৰ চাদৰখনেও বতাহৰ সতে ছন্দ মিলাই ককাঁল ভাঙি ভাঙি হালি জালি নাচি বাগি শৰতক স্বাগতম জনাইছে৷
ওৰেটো জীৱন এটি কলি দুটি পাতৰ চিঙি চিঙি শিৰিখৰ গছৰ ছাঁত জিৰণি লৈ ভাগৰুৱা দেহাৰে পুনৰ মাদলৰ তালে তালে ঝুমুৰ নচা লচমীজনীক জোনাকী পৰুৱাই ফুটফুটীয়া চোলা পিন্ধাই দিয়াৰ শৰত এয়া৷ ঢাক, ওজাপালিৰ মাতেৰে মুখৰিত হৈ উঠা শৰৎ এয়া৷ বুকুৰ পথাৰত সেউজীয়া বিলাই ভৰুণ হোৱা শৰত এয়া৷
শৰত মানেই দেৱী দূৰ্গাৰ শক্তিৰ এচমকা চমকনি৷ ন ৰূপেৰে আকৌ এবাৰ বেলুন, পেঁপাই উমলিব আহিনৰ নঙলাত৷ শৰত মানেই পিতাইৰ চাইকেলৰ আগত বহি টিলিঙা বজাই বজাই বতাহৰ সুঘ্ৰাণ বিছাৰি গুছি যোৱাৰ বতৰ৷ শৰত মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ৷
শৰত মানে এটি কবিতা, শৰত মানে এটা গান, শৰত মানে মানুহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা অফুৰন্ত উলাহৰ প্ৰমাণ৷