
তেজপুৰঃ আজি মহালয়া। মৃদু মৃদু শীতৰ আভাস। শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ যেন এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। শুভ্ৰ শেৱালিৰ বুকুত পুৱাৰ কাঁচিৱলি ৰ’দজাক জিলিকি উঠে।
শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত প্ৰকৃতিয়ে যেন নতুনলৈ বাগৰ সলায়। সকলোতে হেপাঁহৰ ৰাগী লাগে।বিভোৰ স্বপ্নত সকলো উদগ্ৰীৱ হৈ পৰে। কাৰণ, শাৰদী ৰাণীৰ ধৰালৈ আগমন। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে।
অপেক্ষাকৃত শৰতৰ আগবেলাত আজি তেজপুৰতো এক নান্দনিক পৰিবেশে বিৰাজ কৰে। এদিনৰ বাবে সকলোৱে কংক্ৰিতৰ পৃথিৱী এৰি ব্যস্ত হৈ পৰে শাৰদী সুখৰ সন্ধানত। সকলোৱে এটা নতুন প্ৰভাতত কুঁৱলীৰ সেমেকা আঁচল গাত মেৰিয়াই শাৰদী ৰাণীৰ কোলাত জিৰাবলৈ বাউল হৈ পৰে।
শাৰদী দূৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত মহিলাসকলে শক্তিৰ দেৱী মা দূৰ্গাৰ মংগলাচৰণ গাই তেজপুৰৰ ৰাজপথত এক আনন্দপূৰ্ণ পৰিবেশ সৃষ্টি কৰে। আজি তেজপুৰৰ বহু পুজা মণ্ডপত চণ্ডি পাঠ কৰাও পৰিলক্ষিত হয়।