Time8
Time8

ধেমাজিঃ ক্ষমতাৰ বাঘজৰী হাতত থকাৰ সময়ত পালি-পহৰীয়াৰ বেষ্টনীৰ মাজত আৰামদায়ক জীৱন অতিবাহিত কৰা একালৰ প্ৰতাপী মন্ত্ৰী ভৰত চন্দ্ৰ নৰহ সোমবাৰে নীৰৱে একপ্ৰকাৰ অকলশৰীয়া হৈ হাজিৰ হ’ল ধেমাজিৰ সত্ৰ ন্যায়াধীশৰ আদালতত।

প্ৰাক্তন প্ৰতাপী মন্ত্ৰীৰ নীৰৱ নিতাল উপস্থিতিয়ে যেন বহু কথাই কৈ গ’ল ৰাজনৈতিক উত্থান পতনৰ৷ উল্লেখ্য যে, ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত স্বাধীনতা দিৱসৰ পেৰেড গাউণ্ডত সংঘটিত হোৱা বোমা বিস্ফোৰণত ১০ শিশু আৰু তিনি গৰাকী মহিলা সহ মুঠ ১৩ জন নীৰিহৰ মৃত্যু হৈছিল৷

সেই কলংকিত কাণ্ডৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছত ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত আজিকোপতি চলি আছে বিচাৰ প্ৰক্ৰিয়া৷

ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত সাক্ষ্য দানৰ পিছত সাংবাদিকৰ আগত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ সৈতে এক ৰাজনৈতিক ষড়যন্ত্ৰৰে তেখেতৰ নাম সাঙোৰা হৈছে বুলি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।