
ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাবাদৰ সামৰীক প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে আল কায়দাই৷ এনে এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দিল্লীত এজন সন্ত্ৰাসবাদী আটক হোৱাৈৰ পাছত৷
সোমবাৰে নিশা দিল্লীৰ আৰক্ষীয়ে চক্ৰপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে এজন অল কায়দাৰ ধৃত সন্ত্ৰাসবাদীক। অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হয় এই সন্ত্ৰাসবাদীজন বাংলাদেশৰ ছানিউৰ ৰহমান বুলি জনা গৈছে৷
জানিব পৰা মতে, ৰহিংগিয়াৰ মুছলমানৰ সৈতে সৰ্ম্পক আছিল ধৃত সন্ত্ৰাসবাদীজনৰ৷ আৰক্ষীয়ে আতক কৰা সন্ত্ৰাসবাদীজনৰ পৰা জব্দ কৰিছে এটা বন্দুক, চাৰিটা নাইন এম এম কাৰ্টিজ, এটা লেপটপ, এটা মোবাইল ফোন, এখন বাংলাদেশী চিম আৰু এখন বিহাৰৰ ভোটাৰ আই ডি কাৰ্ড৷
আৰক্ষী বিষয়াৰ মন্তব্য মতে, অল কায়দাৰ সন্ত্ৰাসবাদীজনৰ পৰিকল্পনা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱকসকলক সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দি তেওঁলোকক ৰোহিংগিয়াত নিয়োগ কৰাৰ৷ আনহাতে সন্ত্ৰাসবাদীৰ এনে কাৰ্যই উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, যিসময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্ট এফিডেফিট দিছে ৰহিংগিয়াৰ সৰ্ম্পকত সেই সময়তে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইজন ধৃত সন্ত্ৰাসবাদীক৷