মাৰ্ঘেৰিটাঃ ছাত্ৰৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে উজনি অসমৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাদ-বিবাদৰ মাজতে সোমবাৰে প্ৰতিবাদী ছাত্ৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণৰ চাঞ্চল্য আজিও অব্যাহত আছে৷

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক চোৰ-ডকাইটৰ দৰে লাঠিৰে প্ৰহাৰ কৰাৰ লগতে লাঠিৰে কুবাই মুৰ পৰ্যন্ত ফালি পেলায়৷ আৰক্ষীৰ বৰ্বৰ লাঠিচালনাৰ ফলত সংঘাতময় পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোত৷ ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷

আছুৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত  মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত দিনৰ প্ৰায় ১১.৩০ বজাৰ পৰা মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ প্ৰতিবাদ জনায় আৰক্ষীৰ এনে কাণ্ডক ধিক্কাৰ দিয়ে সংগঠনটোৱে৷ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অবৈধ বুলি দাবী কৰি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনায়  প্ৰতিবাদকাৰীসকলে৷

আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপংকৰ সোণোৱাল আৰু তিনিচুকীয়া জিলাৰ সভাপতি বিনয় ডুবেয়ে উপস্থিত থাকি বিজেপি বিধায়ক ভাস্কৰ শৰ্মা আৰু অধ্যক্ষ ড০ বুধিন গগৈয়ে মহাবিদ্যালয়খনক গেৰুণাকৰণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে৷ সংগঠনটোৱে শীঘ্ৰে অধ্যক্ষক বৰ্খাস্ত কৰাৰ দাবী জনায়৷

ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত লাঠিচালনাৰ সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে আছুৰ নেতৃত্বই৷ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষানুষ্ঠানৰ চৌহদতে আৰক্ষী-চিআৰপিএফে বৰ্বৰ আক্ৰমণ কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা অঞ্চলৰ বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ক'লা বেজ পৰিধান কৰি আৰক্ষীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ভোট গণনা সম্পুৰ্ণ নোহোৱাকৈ অধ্যক্ষগৰাকীয়ে পক্ষপাতিত্ব মূলকভাবে ৰাজনৈতিক দলৰ আশীৰ্বাদপুষ্ট কেইজনমান বিশেষ প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷