Times of India
Times of India

নলবাৰীঃ নলবাৰী সদৰ থানাৰ অন্তৰ্গত সমগ্ৰ বাহঁজানী অঞ্চলত দিনে নিশাই এচাম দুষ্ট চক্ৰই চলাই আহিছে তীৰ, জুৱা-মদৰ ৰমৰমীয়া বেহা। প্ৰাপ্ত অভিযোগ অনুসৰি বাহঁজানীৰ খোলা বজাৰত দুষ্ট চক্ৰটোৱে দিনে নিশাই তীৰৰ টিকট অবাধে বিক্ৰী কৰাৰ লগতে চলাই আহিছে জুৱা খেল আৰু মদৰ ৰমৰমীয়া বেহা।

বিশেষকৈ বাহঁজানীৰ প্ৰতিটো চ'কৰ দোকানৰ পিচপিনে এনে ধৰনৰ অসামাজিক কাৰ্য্যকলাপ চলে বুলি অভিযোগত প্ৰকাশ৷ উল্লেখ্য যে, উক্ত অসামাজিক খেল সমূহৰ লগত নৱ প্ৰজন্মৰ লগতে কিছু সংখ্যক স্কুলীয়া ছাত্ৰ সকলো আসক্ত হোৱা পৰিলক্ষিত হৈছে।

দিনে নিশাই চলি থকা অসামাজিক কাৰ্য্যকলাপ সমূহক লৈ বাহঁজানী সচেতন মহলে চিন্তিত হৈ পৰিছে। এই ক্ষেত্রত বাহঁজানীৰ স্থানীয় দল সংগঠন সমূহে আৰক্ষীক বাৰাম্বাৰ তীৰ, জুৱা, মদ বন্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও উক্ত আহ্বানত আৰক্ষীয়ে গুৰুত্ব নিদিয়াত স্থানীয় দল সংগঠন সমূহৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উক্ত বাহঁজানী অঞ্চলৰ সকলোবোৰ চ'কত তালাচী চলাই মদ আৰু জুৱা খেলৰ লগত জড়িত থকা দুষ্ট চক্ৰটোক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ স্থানীয় দল সংগঠনৰ লগতে বাহঁজানী সচেতন মহলে আৰক্ষী বিভাগক দাবী জনাইছে।