19
Sep
2017

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাঙ্কা ট্ৰাম্পে মঙলবাৰে নতুন দিল্লীত ভাৰতৰ বৈদেশীক মন্ত্ৰী সুষমা শ্বৰাজ লগত এখন বৈঠকত মিলিত হয়। এই বৈঠকখনত মিলিত হৈ ইভাঙ্কা ট্ৰাম্প আৰু মন্ত্ৰী সুষমা শ্বৰাজে মহিলা সৱলীকৰণৰ ওপৰত কিছু আলোচনা কৰে৷
নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ২০১৭ সংখ্যাক জি ই এছ (Global Entrepreneurship summit)ত নেতৃত্ব কৰিব ইভাঙ্কা ট্ৰাম্পে৷ এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো লগ কৰে ইভাঙ্কাই৷
বৈদেশীক মন্ত্ৰী গৰাকীক লগ কৰাৰ পাছত ট্ৰাম্পৰ কন্যাই সুষমা স্বৰাজৰ প্ৰশংসাত পঞ্চমুখ হৈ নিজৰ টুইটাৰ একাউণ্টৰ যোগে মন্তব্য কৰি কয় যে- ‘‘মই সদায় সন্মান কৰো শ্বৰাজক৷ মই সদায় শ্ৰদ্ধা কৰি আহিছো শ্বৰাজৰ দক্ষতাক। মই দীঘদিন পৰাই দক্ষতা সম্পন্ন মন্ত্ৰী সুষমা শ্বৰাজক সন্মান কৰি আহিছো আজি তেওঁক লগ পাই মই সুখী হৈছো৷’’