
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ ডিফু পৌৰ সভাৰ চাফাই কৰ্মী সকলৰ ৫৫ মাহৰ বকেয়া দৰমহা আদায়ৰ দাবীত চাফাই কৰ্মী সকলে যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্ট কালীন ধৰ্মঘট কাৰ্যসূচী পালন কৰি অহাৰ বাবে ডিফু চহৰত এক কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে৷ চাফাই কৰ্মী সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে মাজে সময়ে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বহু উদাহৰণ আছে৷
চাফাই কৰ্মী সকলৰ নুন্যতম দাবী আৰু অনাদায় দৰমহা খিনি বহু কেইজন নগৰ সমিতিৰ অধ্যক্ষই পূৰণ কৰাত সক্ষম নহ'ল৷ বৰ্তমান নগৰ সমিতিখন ভংগ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নগৰ সমতি খন পৰিষদৰ তত্বাৱধনাত আছে৷ যোৱা ৪ আগষ্টত চাফাই কৰ্মচাৰী সকলে এই সন্দৰ্ভত ডিফু নগৰ সমিতিৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়াৰ ওচৰত তেওঁলোকৰ বকেয়া দৰমহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত আদায় নাপালে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে অন্তিম সীমা বান্ধি দিছিল৷
নিৰ্দিষ্ট সীমাৰ ভিতৰত দাবী মানি নোলোৱাত চাফাই কৰ্মী সকলে কৰ্ম বিৰতি পালন কৰাত ডিফু চহৰৰ বিভিন্ন স্থানত জাবৰ-জোথৰৰ দম হৈ কদৰ্যময় পৰিবেশৰ সৃষ্টি হয়৷
পিছত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদ্য নিযুক্ত বিভাগীয় কাৰ্যবাহী সদস্যই দুই এদিনতে তেওঁলোকৰ দৰমহাৰ কিঞ্চিত মুকলি কৰা হ'ব বুলি বুজনি দিয়াত সাময়িক ভাৱে চাফাই কৰ্মী সকলে ধৰ্মঘট উঠাই লয় যদিও চাৰিদিন অতিক্ৰম কৰাৰ পিছতো দৰমহা আদায়ৰ কোনো সহাঁৰি নোপোৱাত আজিৰ পৰা পুণৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰাত ডিফু চহৰত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে৷ জাৱৰৰ দুৰ্গন্ধই বায়ু প্ৰদুষিত কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ থিয় দিছে৷
যি সময়ত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক অমোঘ অস্ত্ৰ হিচাপে লৈ ৰাইজৰ সেৱাৰ বাবে অগ্ৰসৰ হৈছে একে সময়ত ডিফু নগৰ সমিতিয়ে চাফাই কৰ্মী সকলৰ নুন্যতম দৰমহা খিনি দীৰ্ঘ দিনৰ পৰা অনাদায় হিচাপে ৰাখি নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক বুঢ়া আঙুলি প্ৰদৰ্শন কৰা হৈছে বুলি সচেতন মহলে মত ব্যক্ত কৰিছে৷
এই সন্দৰ্ভত সাংবাদিকে পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ বিষয়টোক লৈ চিন্তিত বুলি কোৱাৰ লগতে এই সন্দৰ্ভত চি ই এমৰ লগত আলোচনা মৰ্মে শীঘ্ৰে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয়৷ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চাফাই কৰ্মী সকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়৷