
চাবুৱাঃ চাবুৱা থানা অন্তৰ্গত চাবুৱা আই টি আই সন্মুখত থকা বৰ্ণালী সেৱাপীঠ নামৰ এটা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ অবৈধভাৱে চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।
সংগঠনটোৱে এই সন্দৰ্ভত চাবুৱা ৰাজহ চক্ৰ বিষয়াক এখনি স্মাৰকপত্ৰৰ যোগেদি সমগ্ৰ বিষয়টো অতি সোণকালে তদন্ত কৰি প্ৰশাসনক যথোপযুক্ত ব্যৱস্থা লবলৈ দাবী জনায়।