
শিমলুগুৰিঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমাধিপতিলৈ ভাৰতীয় ষ্টেট বেংকৰ শিমলুগুৰি গ্ৰাহক সেৱা কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ বিৰোদ্ধে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সমিতিৰ সভাপতি বাবলু আলি আৰু সম্পাদক প্ৰণৱ সন্দিকৈ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি নগৰত ভাৰতীয় ষ্টেট বেংকৰ গড়গাঁও এডিবি শাখাটো অৱস্থিত।
এই শাখাটোৰ অধীনত এটা গ্ৰাহক সেৱা কেন্দ্ৰ শিমলুগুৰি অঞ্চলৰ ৩৫ নং প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত অৱস্থিত। এই কেন্দ্ৰটোত বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকে একাউণ্ট খুলিছিল।
কিন্তু অতি পৰিতাপৰ বিষয় যে, কেন্দ্ৰটোত থকা গ্ৰাহকসকলৰ একাউণ্টসমূহৰ পৰা আশ্বৰ্যকৰভাৱে তেওঁলোকৰ অজ্ঞাতে ধন ওলাই যোৱাৰ লগতে গ্ৰাহকসকলে তেওঁলোকৰ প্ৰাপ্য ধন ঘূৰাই লবলৈ আহি কেন্দ্ৰটোৰ বিষয়ববীয়াসকলৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে।
এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে, এই সেৱা কেন্দ্ৰটোৰ অভিভাৱকৰ দায়িত্বত থকা ভাৰতীয় ষ্টেট বেংকৰ গড়গাঁও এডিবি শাখাই কিন্তু এই বিষয়টোত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰি আহিছে। লগতে ৰাইজে অভিযোগ কৰা মতে কেন্দ্ৰটো পৰিচালনা কৰাৰ দায়িত্বত থকা বিষয়া কেইজনে ধন সমূহ ঘূৰাই দিয়াৰ পৰিৱৰ্তে কেন্দ্ৰটো বন্ধ কৰি ৰাইজক হাৰাশাস্তি কৰি অহাৰ লগতে মিছা কথাৰে গ্ৰাহকসকলক তাৰিখ দি পিছুৱাই থাকে।
এই ক্ষেত্ৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে অহা দুই দিনৰ ভিতৰত এই গ্ৰাহকসকলৰ প্ৰাপ্য ধনসমূহ ঘূৰাই দিয়াৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।
অন্যথা পৰিষদে বৃহত্তৰ ৰাইজৰ স্বাৰ্থত গ্ৰাহকসেৱা কেন্দ্ৰটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে।