প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ দেশৰ সংবিধানে সমাজৰ অনুসূচিত জাতিৰ লোকসকলৰ সৰ্বাংগীন উন্নয়ণৰ অৰ্থে প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থাৰ অচিলা লৈ এচাম অনা অনুসূচিত জাতিৰ লোকে নানা চল-চাতুৰিৰে গ্ৰহণ কৰি মুনাফা অৰ্জন কৰি আহিছে৷

সেয়ে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত এনেদৰে বিভাগীয় কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰি ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকা অসৎ ব্যক্তিসকলৰ বিৰুদ্ধে শেহতীয়াভাৱে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অভিযান আৰম্ভ কৰিছে৷

প্ৰকৃত অনুসূচিত জাতিৰ ব্যক্তিক বঞ্চিত কৰি সংৰক্ষণ ব্যৱস্থাৰে ভুৱাকৈ নিযুক্তি লাভ কৰা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত নোহোৱা এই সুবিধাবাদী লোকসকলক আইনগত ব্যৱস্থাৰ আওতালৈ অনাৰ বাবেই ছাত্ৰ সংগঠনটোয়ে তেনে অভিযানত নামি পৰিছে৷

ইয়াৰ অংশ হিচাপে নগাঁও জিলা গড়কাপ্তানী বিভাগত কৰ্মৰত এজন অভিযন্তাৰ বিৰুদ্ধে তেনে অভিযোগ উত্থাপন কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আৰক্ষী থানাত গোচৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত খবৰ মতে, ছাত্ৰ সংগঠনটোয়ে জাল নথিৰে চাকৰি কৰি থকা বুলি অভিযোগ তোলা অভিযন্তাজন হৈছে হাজো থানাৰ অন্তৰ্গত নামপাৰাৰ অজিত কুমাৰ মেধী৷ তেওঁ বৰ্তমান নগাঁৱৰ গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ শাখাৰ বটদ্ৰৱা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপে কৰ্মৰত হৈ আছে৷

অভিযোগ অনুসৰি, তেওঁ অনুসূচিত জাতিৰ লোক নোহোৱা সত্ত্বেও অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত কাৰ্যনিৰ্বাহ কৰি আছে৷ নব্বৈ দশকতে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দেখুৱাই বিভাগীয় কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰি তেওঁ অবৈধভাৱে নিযুক্তি লাভ কৰিছিল৷

জালিয়াতি আৰু প্ৰবঞ্চনাৰ আশ্ৰয় লোৱা অজিত কুমাৰ মেধীক শীঘ্ৰে গ্ৰেপ্তাৰ তথা চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী তুলি ছাত্ৰ সংগঠনটোয়ে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷