নলবাৰীঃ অসমৰ অন্যতম ইতিহাস প্ৰসিদ্ধ শক্তিপীঠ নলবাৰী বেলশৰৰ বিল্বেশ্বৰত ২১ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়া দূৰ্গা পূজা আৰম্ভ হৈ ৩০ ছেপ্টেম্বৰত শেষ হ’ব৷ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এইখনেই অসমৰ ভিতৰত একমাত্ৰ শক্তিপীঠৰূপে পৰিগণিত দূৰ্গা পূজা৷

পূজা পৰিচালনা সমিতি জানিব দিযা মতে প্ৰায় ছয় লক্ষ ভক্তক আদৰিবলৈ সাজু কৰি তোলা হৈছে দেৱালয় ক্ষেত্ৰ৷ যোৱা দুমাহ ধৰি ৪০-৫০ জন কৰ্মীয়ে দিন-ৰাতি কাম কৰি সাজু কৰি তুলিছে৷ দেৱালয়ত এইবাৰ প্ৰথমবাৰৰ বাবে হাইমাষ্ট লাইটে পোহৰাই ৰাখিব পূজাথলী৷

ইফালে পূৰ্বৰ দৰে এইবাৰো বিল্বেশ্বৰ দেৱালয়ত মুছলমান সম্প্ৰাদায়ৰ লোকসকলৰ বাবেও এখন ভোগৰ থাল ৰখা হব বুলি স্থায়ী পুৰোহিতজনে জানিব দিয়ে৷ উল্লেখ্য যে আৰম্ভণীৰে পৰা উক্ত দেৱালয়ৰ লগত মুছলমান একাংশ লোক জড়িত হৈ আহিছে৷

সেইমৰ্মে তেওঁলোকৰ বাবে এখন ভোগৰ থাল ৰখাটো দেৱালয়ৰ পৰম্পৰা হিচাপে চলি আহিছে৷ এইবাৰ দূৰ্গা পূজাত মা দূৰ্গাৰ শ্ৰীচৰণত ৪৪ টা ম'হ বলি দিব বুলি জনা গৈছে যদিও বলিৰ সংখ্যা বঢ়াৰ আশংকা ব্যক্ত কৰিছে পৰিচালনা সমিতিয়ে৷

আনহাতে দেৱালয়ৰ নিয়ম অনুসাৰে বলিৰ দাঁতা সকলৰ নাম প্ৰকাশ কৰিব বিচৰা নাই সমিতিয়ে৷ ইফালে ম'হ বলিৰ তালিকাত ৰাজ্যৰ উচ্চ পদস্থ দুজন প্ৰাশসনিক বিষয়া থকা বুলিও জানিব পৰা গৈছে৷