
ডিজিটেল ডেস্কঃ নেৰা নেপেৰা বৰষুণৰ ফলত ভূমিস্খলনে বিপদ মাতিছে ছিকিমত৷ মঙলবাৰে নিশাৰে পৰা কেবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধিন হ’বলগীয়া হয়৷
নিশাই সংঘটিত ভূমিস্খলনৰ ঘটনাৰ ফলত পাহাৰ মাটিৰ তলত বৰ্তমানেও মানুহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰি উদ্ধাৰ অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে৷
পাহাৰৰ মাটিয়ে কেইবাটাও পৰিয়ালৰ লোকক পুটি পেলোৱাৰ পিছৰে পৰা প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ ছিকিমৰ আপাৰ ধূড়পিসৰ নামৰ ঠাইত প্ৰথমে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এঘাৰ বছৰীয়া নিখিল ৰায়, পোন্ধৰ বছৰীয়া নিকিতা ৰায়, পাচাংকিটা ভূটিয়াৰ মৃত্যু হয়৷
আনহাতে বিষ্ণু ৰায় আৰু কুমাৰী প্ৰধান নামৰ দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ প্ৰায় এঘন্টা পিছত বোকৰােৰ নামৰ ঠাইত পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ স্বামী-স্ত্ৰী ৰাজকুমাৰ তামাং আৰু অঞ্জলিৰ মৃত্যু হয়৷ ভূমিস্খলনৰ ফলত কেবাটাও বাট-পথত গাড়ী-মটৰৰ যাতায়াত ব্যাহত হৈ পৰে৷