NY Daily
NY Daily

ডিজিটেল ডেস্কঃ প্ৰৱল ভূমিকম্পই কঁপাই থৈ গ’ল মেক্সিকো চহৰ। মঙলবাৰে ৭.১ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এটা ভূমিকম্পই পলকেত মেক্সিকো চহৰখন ধ্বংসস্তূপত পৰিণত কৰে।

আন্তঃৰাষ্ট্ৰীয় তথ্য মতে, ভূমিকম্পটোৰ ফলত চহৰখনত বহুতো ক্ষতিসাধন হোৱাৰ লগতে প্ৰায় ১০০ গৰাকী লোক মৃত্যুমুখত পৰে। এই প্ৰৱল ভূমিকম্পটোৰ প্ৰভাৱ ছান জুআন ৰাবচ অঞ্চলত ৪.৫ কিলোমিটাৰ আৰু দক্ষিণ-পশ্চিম পুইৱেল অঞ্চলত প্ৰায় ৫৫ কিলোমিটাৰলৈকে বিয়পি পৰে।

যাৰ ফলত দুয়োটা অঞ্চলৰ বৃহৎ আট্টালিকাকে ধৰি সৰু-বৰ প্ৰায়বোৰ ঘৰ পলকতে ধ্বংসস্তূপলৈ পৰিণত হয়৷ চহৰখনৰ মৰেলছ গভৰ্ণৰ গ্ৰাকো ৰামিজে নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰা মতে ভূমিকম্পটোৰ ফলত চহৰখনৰ দক্ষিণ-পশ্চিম অঞ্চলত প্ৰায় ৪২ গৰাকী লোকৰ অকাল মৃত্যু ঘটে৷

আনহাতে মেক্সিকো চহৰত প্ৰৱল ভূমিকম্পটোৰ ফলত মৃত্যু হোৱা ১০০ জনৰ উপৰিও হাজাৰৰো অধিক লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়৷ বৰ্তমানেও চহৰখনত উদ্ধাৰ অভিযান অব্যাহত আছে৷ যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱা আশংকা কৰিছে চহৰখনৰ প্ৰশাসনে৷