
ডিজিটেল ডেস্কঃ ৯ বছৰীয়া ছাত্ৰীৰ শ্লীলতাহানিৰ ঘটনাই উত্তাল কৰি ৰাখিছে উত্তৰ প্ৰদেশৰ বেৰেলী চহৰ৷ স্কুল বাছৰ কৰ্মচাৰীয়ে ৯ বছৰীয়া কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা উত্তেজনাই বিৰাজ কৰিছে চহৰ খনত৷ বেৰেলী চহৰ খনৰ বিলাশপুৰৰ পথৰ দাতিত থকা ৰাধামাধৱ পাব্লিক স্কুলৰ তৃতীয় শ্ৰেনীৰ ছাত্ৰী এগৰাকীক বিদ্যালয় খনৰ স্কুল বাছৰ কৰ্মচাৰী অজয় মিশ্ৰই যৌন নিৰ্যাতন চলাই৷
প্ৰতিদিনে কন্যাগৰাকীক যৌন নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত প্ৰথমে বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকীক অৱগত কৰে ছাত্ৰীগৰাকীয়ে৷ যোৱা দেওবাৰে এই কথা শিক্ষয়িত্ৰীগৰাকীক জনোৱাৰ পিছত গুৰুত্ব আৰোপ নকৰাত ছাত্ৰীগৰাকীয়ে অৱশেষত এই কথা পিতৃক অৱগত কৰে৷ পিতৃয়ে সোমবাৰে স্কুলত উপস্থিত হৈ স্কুল বাছৰ কৰ্মচাৰী অজয় নিশ্ৰক বেয়াকৈ মাৰধৰ কৰে৷
স্কুল কৰ্তৃপক্ষই এই ঘটনাক আলোচনা মাধ্যমেৰে মিমাংসা কৰাৰ বাবে বাছ কৰ্মচাৰীজনক এটি কোঠাত আবদ্ধ কৰি ৰাখে৷ তাৰ পিছতে ছাত্ৰগৰাকীৰ পিতৃয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষক জেৰা কৰাত এই ঘটনাক লৈ বিদ্যালয় কৰ্তৃপক্ষই আপোচ কৰা বুলি প্ৰমানিত হোৱাত বিদ্যালয়ৰ সকলো কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰক্ষীয়ে৷
আৰক্ষীয়ে বিদ্যালয়ৰ সকলোৰে বিৰুদ্ধে এজাহাৰত নাম অন্তৰ্ভুক্ত কৰা বুলি কৈ পিতৃয়ে যাতে এই ঘটনাৰ পৰা পিছুৱাই নাযায় তাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ আনহাতে বিদ্যালয় কৰ্তৃপক্ষই স্কুল বাছৰ কৰ্মচাৰীগৰাকীৰ এনে কাণ্ডৰ বিষয়ে অৱগত নহয় বুলি দাবী কৰে৷