খাৰুপেটীয়াঃ পুনৰ এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে দলগাঁৱত। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰৰ ছাবিনা ইয়াছমিন নামৰ মহিলা গৰাকীৰ আকস্মিক মৃত্যুৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

আজি দিনৰ ভাগত ছাবিনা ইয়াছমিন নামৰ মহিলাগৰাকীয়ে বিষ পান কৰা বুলি কৈ স্বামীগৃহৰ লোকে মহিলাগৰাকীক খাৰুপেটীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলাগৰাকীৰ মৃত্যু হয়৷

আনহাতে মহিলাগৰাকীৰ মৃত্যুৰ সময়ত মুখত কোনো ফেন বা দুৰ্গোন্ধ নাপায় মহিলাগৰাকীৰ পিতৃ পৰিয়ালে ছাবিনা ইয়াছমিন নামৰ মহিলাগৰাকীক স্বামী গৃহত ডিঙি চেপিহে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে৷

আনহাতে মহিলাগৰাকীৰ পিতৃ গৃহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃত ছাবিনাৰ স্বামীক আটক কৰে৷