
আগৰতলাঃ দেশত আকৌ সংঘটিত হ’ল সাংবাদিক হত্যা। এইবাৰ এই ঘটনা সংঘটিত হ’ল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা জিলাত কৰ্তব্যৰত অৱস্থাতে অপহৰণ কৰি হত্যা কৰা হয় ২৮ বৰ্ষীয় সাংবাদিকগৰাকীক।
প্ৰাপ্ত বাতৰি মতে, সেই সময়ত ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)ই অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত আছিল 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক। পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী বিষয়া অভিজিত সপ্তৰ্ষিয়ে জনোৱা মতে, মণ্ডাই নামৰ ঠাইখনত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে।
পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বাদল চৌধুৰীয়ে। আনহাতে তথ্য-সম্প্ৰচাৰ মন্ত্ৰী ভানুলাল সাহাই চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে জিলা প্ৰশাসনে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰি ৪জনতকৈ অধিক লোক একলগ হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।
উল্লেখ্য যে শাসনাধিষ্ঠিত চিপিএমৰ জনজাতীয় সংগঠন গণ মুক্তি পৰিষদৰ শতাধিক কৰ্মীৰ সৈতে খোৱাই জিলাৰ চানখোলা জিলাত মঙলবাৰে IPFTৰ সদস্যৰ সংঘাতৰ সূত্ৰপাত হয়। এই সংঘাতত কেবাজনো গণ মুক্তি পৰিষদৰ কৰ্মী আঘাতপ্ৰাপ্ত হয়। ঘটনাটোক লৈ ত্ৰিপুৰা চিপিএমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ইয়াৰ পিছতে বুধবাৰে বিজেপি সমৰ্থিত IPFT-এ পৃথক তিপ্ৰালেণ্ডৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। এই পথ অৱৰোধৰ সময়তে সংঘটিত হয় সাংবাদিক হত্যাৰ দৰে গুৰুতৰ ঘটনা। উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে চিপিএমৰ ত্ৰিপুৰা ৰাজ্যিক কমিটিৰ সম্পাদক বিজন ধৰে।
'আই পি এফটিয়ে এই ঘটনা সংঘটিত কৰিছে। বিজেপি সমৰ্থিত সংগঠনটোৱে থলুৱা লোকসকলক বিপথে পৰিচালিত কৰি পৃথক ৰাজ্যৰ দাবীত আন্দোলন আৰম্ভ কৰি ৰাজ্যৰ পৰিৱেশ অস্থিৰ কৰি তুলিছে। পিছে লাহে লাহে তেওঁলোকে ভিত্তি হেৰুৱাই পেলাইছে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনেদৰে সংগঠনটোৱে হিংসাত্মক কাৰ্য সংঘটিত কৰি চৰকাৰক অস্থিৰ কৰিব বিচাৰিছে।’-এইদৰে অভিযোগ কৰে ধৰে।
এই ঘটনাত বিজেপিৰ লগতে নেডাৰ এজন শীৰ্ষ নেতা তথা এখন ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰিছে চিপিএমৰ ভাতৃ সংগঠন গণ মুক্তি পৰিষদে। অৱশ্যে এনে অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে আই পি এফ টিৰ মূৰব্বী এন চি দেৱবৰ্মা।