চাবুৱাঃ ছাত্ৰ ৰাজনীতিয়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়, গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয় শেহতীয়াকৈ চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিয়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিবলৈ আহি লাঠিৰ কোব থাব লগা হয়৷ বৃহস্পতিবাৰে বি বৰুৱা মহাবিদ্যালয় আৰু চাবুৱাৰ  ডিডিআৰ মহাবিদ্যালয় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষই পক্ষপাতিত্বমূলক ভাবে একাংশ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীয়ে। মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পুৰ্বে প্ৰৱেদ্বাৰত ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। অধ্যক্ষক মহাবিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰি অধ্যক্ষৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ-ছত্ৰীয়ে।

বিভিন্ন শ্ল’গানেৰে উত্তাল হৈ পৰা পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নয়ন্ত্ৰণ কৰে। অধ্যক্ষ ড০ ভূপেন বৰ্মনে একাংশ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰিব বিছৰা বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে। অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ দাবী মানি লৈ সকলো প্ৰাৰ্থীকে নিৰ্বাচনত অংশ লবলৈ নিদিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহব বুলি ভাবুকি প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীয়ে।

মনোনয়ন গ্ৰহণৰ ক্ষেত্ৰত ৭৫ শতাংশ উপস্থিতিৰ বাধ্যতামূলক হোৱাৰ বাবে কেৱল অধ্যক্ষৰ সমৰ্থিত প্ৰাৰ্থী বাছনী প্ৰক্ৰিয়াত গ্ৰহণযোগ্য হোৱাত অন্যান্য বঞ্চিত প্ৰাথীসকলে ক্ষোভিত হৈ পৰে। মহাবিদ্যালয়খনত অপ্ৰতিদ্বন্দিতাৰে জয়ী হোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে একাংশ প্ৰাৰ্থী। গণতান্ত্ৰীক প্ৰক্ৰিয়াৰে নিৰ্বাচনঅনুষ্ঠিত কৰিবলৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলক একাংশ গুণ্ডা প্ৰকৃতিৰ যুৱকে বহু বাইক লৈ আহি গেইটৰ সন্মুখতে গালি গালাজ কৰি ভাবুকি দি থৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে৷