21
Sep
2017

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ কাজিৰঙাৰ নডাৰ্ণ ৰেঞ্জৰ বন কৰ্মীয়ে আজি অভিযান চলাই দুজন দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰে।
বিশ্বনাথৰ মৰল গাঁৱৰ জাপৰিগুৰিৰ পৰা দুধৰ্ষ চোৰাং চিকাৰী দুজনক কৰায়ত্ত কৰে বন বিভাগৰ দলটোৱে। ধৃত চিকাৰী দুজন হৈছে ক্ৰমে নুৰ হুছেইন আৰু মতিবুৰ ৰহমান।
চিকাৰী দুজনৰ পৰা বন বিভাগৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে দুটাকৈ ৰাইফল, দুডাল চাইলেঞ্চাৰ, বিহযুক্ত ধনু কাড়, ২৫জাই সজীৱ গুলী, ৰাবাৰ বট আৰু চিকাৰৰ বাবে প্ৰয়োজন হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰে।