লালুকঃ ত্ৰিপুৰাৰ যুৱ টিভি সাংবাদিক শান্তুনু ভৌমিকৰ হত্যাকাণ্ডৰ পাথত এতিয়া সমগ্ৰ দেশৰ লগতে অসমতো সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ৷ সাংবাদিক হত্যাক গৰিহনা দি লখিমপুৰত জিলা সাংবাদিক সংস্থাই আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

জিলা সংস্থাৰ অৰ্ন্তগত ক্লাব আৰু গ্ৰীল্ডৰ সদস্য সকলে ক’লা বেজ পৰিধান কৰি ভৌমিকৰ হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰাৰ লগতে সাংবাদিক জনৰ পৰিয়ালবৰ্গলৈ ১০ লাখ টকাৰ এককালীন সাহায্য আৰু পৰিয়ালৰ সদস্যসকলৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়।