গুৱাহাটীঃ ৰাজ্যৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সমাৱৰ্তন শনিবাৰে মহানগৰীৰ বেতকুছিৰ ৰয়েল গ্লোবেল শিক্ষানুষ্ঠানত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়। প্ৰতি দুবছৰৰ অন্তৰালত অনুষ্ঠিত হৈ অহা অসম সাহিত্য সভাৰ সমাৱৰ্তনৰ মুখ্য উদ্দেশ্যে হ'ল সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বাচনি কৃত ব্যক্তিক যথোচিত সন্মান প্ৰদান কৰা।

সাহিত্য সভাৰ সৰ্বোত্তম সন্মান "সদস্য মহীয়ান" আৰু পৰম বিশিষ্ট সন্মান "সাহিত্যাচাৰ্য" প্ৰদান কৰা হয় অনুষ্ঠানত।সাহিত্য সভাই ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা আৰু অধ্যাপক ভবেন বৰুৱাক সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰাৰ লগতে সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰে ড০ অশোক কুমাৰ গোস্বামীক।

সমাৱৰ্তনত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা, প্ৰধান সম্পাদক পৰামানন্দ ৰাজবংশীৰলগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড০ হিতেশ ডেকা আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা

বিশিষ্ট ব্যক্তি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কিশোৰী মোহন পাঠককো নিমন্ত্ৰন জনোৱা হৈছিল।বিশেষ কাৰণবশতঃ প্ৰাক্তন অধ্যাপকগৰাকীয়ে উপস্থিত থাকিব নোৱাৰিলে যদিও লিখিত বক্তৃতা প্ৰেৰণ কৰে সমাৱৰ্তন অনুষ্ঠানলৈ।অনুষ্ঠানৰ আঁত ধৰে নয়ন প্ৰসাদে।