clker
clker

গুৱাহাটীঃ বৰভাগ সাহিত্য সভাই বৰভাগ ৰত্ন, সু সাহিত্যিক, আৰু কৃতী শিক্ষক প্ৰয়াত চানাৰাম কলিতাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি গুৱাহাটী প্ৰেচ ক্লাৱত এখনি গ্ৰন্থ উন্মোচনী আৰু সোঁৱৰণী সভাৰ আয়োজন কৰে।

সোঁৱৰণী গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত আছিল প্ৰাগ নিউজৰ মূখ্য সম্পাদক অজিত কুমাৰ ভূঞা আৰু লগতে বিশিষ্ট বক্তা আৰু অতিথি হিচাপে উপস্থিত আছিল নলবাৰী ৰত্ন ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বৰভাগ শাখা সাহিত্যৰ সভাপতি সমীন্দ্র নাথ মহন্ত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা।

নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক প্ৰয়াত চানাৰাম কলিতা বৰভাগ মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে কেইবাখনো শিশু উপযোগী গ্ৰন্থও ৰচনা কৰি গৈছে।