নগাঁওঃ নগাঁৱৰ বেবেজীয়াৰ পাৰ্শ্বৱৰ্তী এছ কে বি এলত বিগত বৰ্ষৰ দৰে এইবেলিও অহা ২৯ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্য ক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷ এই মৰ্মে দীন বৰুৱাক সভাপতি, সঞ্জীৱ কুমাৰ দেউৰীক কাৰ্যকৰী সভাপতি আৰু লক্ষ্যধৰ মেধীক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা আসন প্ৰতিষ্ঠা, নাম-প্ৰসংগ আৰু গন্ধৰ্ব বাদন পৰিবেশন কৰা হ’ব৷

৩০ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা ঊষা কীৰ্ত্তন, ভাগৱত আনয়ন, ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰাৰ অন্তত দুপৰীয়া নাম-কীৰ্ত্তন অনুষ্ঠিত হ’ব৷ সন্ধিয়া ৫ বজাত মূল মণ্ডপৰ লগতে বৃহত্তৰ এছ কে বি এল অঞ্চলৰ ৰাইজৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হ’ব৷ নিশালৈ যুৱক-যুৱতীৰ দ্বাৰা অংকীয়া নাট 'নহুষৰ ৰাজ্য লাভ' পৰিৱেশন কৰা হ’ব৷

১ অক্টোবৰৰ পুৱাৰ ভাগত নাম-প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ পাছতে দুপৰীয়া গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ নিশালৈ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব অংকীয়া নাট 'সতী কৰুণা'৷

২ অক্টোবৰৰ দুপৰীয়া মহিলাসকলৰ দ্বাৰা আকৰ্ষণীয় দিহানাম পৰিবেশনৰ অন্তত প্ৰসাদ বিতৰণ কৰা হ’ব৷ নিশা ৮ বজাৰ পৰা বৃহত্তৰ এছ কে বি এল অঞ্চলৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ পাছতে কিৰণ কুমাৰ দেউৰী আৰু তপন বৰুৱাৰ পৰিচালনাৰে বিশিষ্ট নাট্যকাৰ সেবাব্ৰত বৰুৱাৰ ৰচিত সামাজিক নাট 'নিলাজৰ লাজ' মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷