মিছামাৰীঃ অসমত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ শিৱিৰ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে আজি মিছামাৰীতো অনুষ্ঠিত হয়।

বৃহত্তৰ অঞ্চলটোৰ বাঁহবেৰা, গৰুবন্ধা, জীয়াগাভৰু, মিছামাৰী আৰু গঁড়মৰা সমল কেন্দ্ৰৰ প্ৰশিক্ষণ শিৱিৰ সমুহ ক্ৰমে লাখোপাৰা প্ৰাথমিক বিদ্যালয়, গৰুবন্ধা প্ৰাথমিক বিদ্যালয়, কালি প্ৰসাদ বৰা প্ৰাথমিক বিদ্যালয়, ধনখনা এম ই স্কুল আৰু গঁড়মৰা এম ই স্কুলত অনুষ্ঠিত হৈ যায়৷

প্ৰশিক্ষণ শিৱিৰ সমূহত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলক নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বাবে সাজু কৰি তুলিবলৈ বিশেষকৈ বিদ্যায়তনিক, সহঃ বিদ্যায়তনিক, বিদ্যালয়ৰ আন্তঃগাঁথনি, সমাজ জড়িত কৰণ আৰু মূল্যায়ণ আদি বিষয় সমুহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

অঞ্চলটোত পৃথকে পৃথকে অনুষ্ঠিত প্ৰশিক্ষণ শিৱিৰ সমুহত ক্ৰমে ডঃ বৈজয়ন্ত কেওট, দিগন্ত নাথ, প্ৰশান্ত বৰ্মন, জগত বৰুৱা, ৰঞ্জিত ছেত্ৰী আদি চি আৰ চি চি সকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ দিয়ে।