
নলবাৰীঃ আজি নলবাৰী চহৰতস্থিত অসম একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰা শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ৰিপুঞ্জয় শৰ্মাৰ লগতে ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব ৰমেশ চান্দ জৈন মূখ্য অতিথি হিচাপে উপস্থিত থাকে।ভাষণ প্ৰসংগত শিক্ষা আয়ুক্ত সচিব গৰাকীয়ে কয় যে- আমি যিমানেই উচ্চ শিক্ষা লাভ কৰিছো, সিমানে অভিভাবক, পিতৃ মাতৃৰ সৈতে সম্পৰ্ক কমিছে।
গতিকে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা লৈ মানুহ হোৱাৰ বাবে আগবাঢ়ক বুলি দোহাৰি তেওঁ পুনৰ কয় যে- এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী সকলক লাগে গুণগত শিক্ষা। যাতে দেশ, জাতি, পিতৃ মাতৃ, শিক্ষাগুৰুৰ বাবেও চিন্তা কৰিব পাৰে।
শিক্ষক হিতেশ বেজবৰুৱা, দিগন্ত বৰ্মনে আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ ৰাকেশ শৰ্মা, ৰাতুল ডেকা, শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ সভাপতি অনুকুল শৰ্মা প্ৰমূখ্যে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।