
চৰাইদেউঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ কানু মধ্য ইংৰাজী বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু সাংস্কৃতিক সমাৰোহৰ বঁটা বিতৰণ আৰু কৃতী শিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠানত আজি এখন প্ৰাচীৰ পত্ৰিকাৰ লগতে এখন কাব্যালোচনী উন্মোচন কৰা হয়৷
প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি তথা সাংবাদিক মৃত্যুঞ্জয় দাস আৰু অনুৰণন নামৰ কাব্যালোচনী খন উন্মোচন কৰে উদীয়মান কবি তথা সাংবাদিক অভিজিত ভূঞাই৷ শিক্ষক ভুৱন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কৃৰ্তী শিক্ষক অৰুণ গগৈ, হৰিদেব গাঁও পঞ্চায়তৰ সভাপতি বলো গগৈ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মিণ্টু গগৈ, শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক ডিম্ব সন্দিকৈ উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷
সহকাৰী শিক্ষক দীপক কুমাৰ কলিতাই বিশেষ ভূমিকা গ্ৰহণ কৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক তথা অতিথিসকলৰ আগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি সভাখন জীপাল কৰি তোলে৷