24
Sep
2017

গুৱাহাটীঃ বিশিষ্ট অভিনেতা-পৰিচালক আব্দুল মজিদ আৰু নাই৷ মৃত্যুৰ শীতল কোলাত চিৰদিনৰ বাবে শুই পৰিল অসমী আইৰ এগৰাকী সুযোগ্য সন্তান৷ আজি পুৱা ৯-৩০ বজাত জি এন আৰ চি হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা তথা পৰিচালক আব্দুল মজিদে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ৷
১৯৩১ চনচ যোৰহাটৰ বালিবাটত জন্মগ্ৰহন কৰা আব্দুল মজিদে ১৯৭৫ চনত চামেলী মেমচাব নামৰ অসমীয়া বোলছবিখন নিৰ্মান কৰি সুদক্ষ পৰিচালক তথা অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেখেতৰ শেহতীয়া চিনেমাখন আছিল সাত নম্বৰৰ সন্ধানত৷
বিশিষ্ট অভিনেতা আৰু পৰিচালকগৰাকীৰ মৃত্যুত অসমীয়া চলচিত্ৰ জগতত অপূৰণীয় ক্ষতি অনুভৱ কৰিছে শিল্পী সমাজে৷