Sheroes
Sheroes

নামতিঃ সমাজৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে জনাই অহা অভিযোগক, প্রতিবাদক অৱজ্ঞা কৰি শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তর্গত নামতি সমীপৰ বেলিমুখীয়া ডিব্রুৱাল গাঁও আৰু তাৰ আশে-পাশে পূর্ণ উদ্যামেৰে চলি থকা অবৈধ চুলাই মদৰ ঘাটি সমূহে বিনষ্ট কৰিছে শৈক্ষিক তথা সামাজিক পৰিৱেশ।

এই চুলাই মদৰ ঘাটিয়ে বৰবিহ বিয়পায় নৱপ্রজন্মক পংগু কৰি ধ্বংস মুখলৈ ঠেলি দিছে। অঞ্চলটো থকা অসংখ্য অবৈধ চুলাই ঘাটি সমূহত সন্ধিয়া হোৱাৰ লগে লগে একাংশই মদ্যপান কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে উক্ত ঘাটি সমূহত দুই-এক শিক্ষক-ছাত্রৰো প্রৱেশ ঘটা কাণ্ডই সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি উদ্বেগ প্রকাশ কৰিছে সচেতন মহলে।

উল্লেখ্য যে, বাটে-ঘাটে মাতাল লোকৰ অসংযত বিচৰণে সাধাৰণ জীৱন-যাপন দুর্বিসহ কৰাৰ উপৰিও অঞ্চলটোত কেইবাজনো লোকে অকাল মৃত্যুক সাৱতি লোৱা বুলি জানিব পৰা গৈছে।

এই ক্ষেত্রত আবকাৰী বিভাগৰ চৰম অবহেলাৰ অভিযোগ উত্থাপন কৰি উক্ত বিষয়টোৰ সন্দর্ভত বেলিমুখীয়াৰ গাঁওৰক্ষী বাহিনী আৰু মহিলা সমিতিয়ে অঞ্চলটোৰ অবৈধ চুলাই ঘাটি সমূহ উচ্ছেদৰ দাবীত এলেকাধীন আমগুৰি থানাত এখন অভিযোগ পত্র দাখিল কৰিছে।