বঢ়মপুৰঃ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা অসমীয়া চলচ্চিত্র জগতৰ বলিষ্ঠ অভিনেতা তথা যশস্বী পৰিচালক আব্দুল মজিদৰ মৃত্যুত পুৰণিগুদামৰ একাধিক দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে অবিনশ্বৰ গোষ্ঠী, আলোড়ন গোষ্ঠী, জালজৰি সন্মিলিত যুৱ মঞ্চ, চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচছিয়েশ্বন (চেমা), পুৰণিগুদাম প্ৰেছ ক্লাব আদিৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সৎগতিৰ বাবে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে।