শুক্লাইঃ আজি প্ৰচণ্ড ৰ'দৰ মাজতে হঠাৎ ফেনে ফোটোকাৰে বাঢ়ি অহা ডিমাকুছি শুক্লাই নৈত আবদ্ধ হ'ল বহু যাত্ৰী আৰু যান বাহন। আৱতৰীয়া বানত বহু সময়লৈকে স্তব্ধ হ'ল ওদালগুৰি-তামূলপুৰ পথৰ যাতায়ত ব্যৱস্থা।

দেওবাৰে নৈখনৰ মাজৰে পানী ভাঙি পাৰ হ'ব বিছৰা এখন টাটা ছুম গাড়ী নৈৰ মাজত আবদ্ধ হৈ পৰে। পানীৰ মাজত বিপদ সংকুলভাৱে আবদ্ধ হৈ পৰা টাটা ছুম’ গাড়ী খন উঠাবলৈ অৱশেষত জেচিবিৰ সহায় লৱলগীয়া হয়৷ 

দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকি থকা অৱস্থাত সপ্তাহটোৰ শেষ বজাৰ ডিমাকুছিলৈ আহি শুক্লাই নৈ পাৰ হ’ব নোৱাৰি অতি দুখ মনে উভতি যাব লগা হৈছে বহু লোক।

ভূটানৰ পৰা বৈ অহা তীব্ৰবেগী নৈ খনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজক জ্বলা কলা খুৱাই আহিছে। নৈখনৰ ওপৰত আজিলৈকে এখন দলং নিৰ্মাণ নোহোৱাত জীয়াতু ভূগী আহিছে ৰাইজে।

ইফালে নৈ খনৰ গৰাখহনীয়া সমস্যাইও ভাবুকি কঢ়িয়াই আনিছে বিস্তৃৰ্ণ অঞ্চললৈ। ডিমাকুছি, টংলা, ৰজাগড়, আটৰীখাট, শুক্লাই, নালাপাৰাকে ধৰি বহু গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভূগী আহিছে।