ৰঙিয়াঃ এন্ধাৰত ডুব গৈছে ৰঙিয়া৷ যোৱা ১৮ ঘন্টা ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত বেলি ডুব যোৱাৰ পিছৰে পৰা এন্ধাৰৰ চহৰত পৰ্ণত হৈছে কামৰূপৰ ৰঙিয়া৷ কালিকা ৰঙিয়া দেওবাৰে ৰঙিয়া চহৰত কালিকা লগাই এন্ধাৰত থাকিবলৈ বাধ্য কৰাইছে৷ ৰঙিয়াৰ ৰাইজক পোহৰ দিবলৈ কোনো নাই৷

বিদ্যুৎ বিভাগৰ কাৰ্যালয় মৰিশালি হৈ থকাত চৌদিশে এনেদৈৰে আৱৰি ৰাখিছে ৰঙিয়াক৷ জানিব পৰা মতে, ৰঙিয়া চহৰৰ সমীপৰ শৌলমাৰীত দেওবাৰে পুৱা ১১ হাজাৰ ভল্টৰ তাঁৰ ছিঙি পৰিছিল৷ যাৰ ফলত সৃষ্টি হৈছিল এক অগ্নিকাণ্ডৰ। কথমপি ৰক্ষা পৰিছিল বৃহত্তৰ এটা অঞ্চল।

বিদ্যুৎ বিভাগৰ লোকে তদাৰক নকৰাৰ ফলতেই তাঁৰ ছিঙি পৰা বুলি কৈ ক্ষোভ উজাৰিছিল ৰাইজে। তাঁৰ ছিঙি অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছৰে পৰা ৰঙিয়া চহৰত ব্যাহত সেৱা ব্যাহত পৰে৷ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰাত দুৰ্গা পূজাৰ আগমুহূৰ্তত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৰঙিয়াত। ক্ষোভিত ৰাইজে দুগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক মাৰ-ধৰ কৰা বুলি জানিব পৰা গৈছে৷