
মুছলপুৰঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আজিও অব্যাহত আছে ৰাজ্যত৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক আটক কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তিয়ে চৰকাৰক প্ৰত্যাহ্বানৰ বাবে সাজু থাকিবলৈ কয়।
ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSA জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰি চৰকাৰ অখিলৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা যায়৷
ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধিনত পুনৰ গ্ৰেপ্তাৰ কৰি সোধপোছ কৰিব অখিলক৷ তাৰ মাজতে অখিলৰ মুক্তিৰ দাবীত সোমবাৰে পুৱাৰে পৰা উত্তাল হৈ পৰে মুছলপুৰৰ ৰাজপথ৷ অখিল গগৈৰ মুক্তিৰ দাবীত মুছলপুৰৰ ৰাজপথত জংগী প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ বাক্সা জিলা সমিতিয়ে। সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে অৰ্ধ উলংগ হৈ পৰ্তিবাদ সাব্যস্ত কৰে৷
বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে অৰ্দ্ধ উলংগ হৈ মুছলপুৰৰ ৰাজপথৰে সমদল কৰি ৰূপায়ন কৰে জেল ভৰো কাৰ্যসূচী। ৰাজ্য চৰকাৰ খন স্বৈৰাচাৰী চৰকাৰত পৰিনত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। অখিল গগৈৰ প্ৰতিবাদী সত্বাক নিঃশেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বৈৰাচাৰী নীতি গ্ৰহণ কৰা বুলি কয়৷ অখিল গগৈক দীৰ্ঘদিনৰ বাবে বন্দী কৰি ৰাখিব বিছাৰি জনবিৰোধী নীতি গ্ৰহণ কৰি যাব বুলি কয়।
কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই পথ অৱৰোধ আৰু ৰেলপথ অৱৰোধ কৰি অখিল গগৈক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।