শিমলুগুৰিঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এতিয়াও ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদী প্ৰতিক্ৰিয়া৷ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মীয়ে শিমলুগুৰিত ধোদৰ আলিৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কৰ্মীসকলে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, বি জে পি মুৰ্দাবাদ, আৰ এছ এছ মুৰ্দাবাদ, আৰ এছ এছৰ অস্ত্ৰ প্ৰশিক্ষণ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে শিমলুগুৰি নগৰ উত্তাল কৰি তোলে।

কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ লগতে জিলাৰ সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন উপস্থিত থাকে।