নলবাৰীঃ আজি অসম গ্ৰামীণ বিকাশ বেংকৰ নলবাৰী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু নাৱাৰ্ডৰ ই শক্তি আঁচনি সহযোগত নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ বাকৰিত এক ঋণ মেল অনুষ্ঠিত হয়। উক্ত মেলত ৫৭১ টা আত্মসহায়ক গোটৰ মাজত ৮ কোটি ৬ লাখ ৯৩ হাজাৰ৫১৭ টকা বিতৰণ কৰা হয়।

ইয়াৰ লগতে গাইগৰু পালনৰ বাবে ৫৩ টা আত্মসহায়ক গোটৰ মাজত ৫৬ লাখ ৪০ হাজাৰ টকা বিতৰণ কৰা হয়। গ্ৰামীন বিকাশ বেংকৰ নলবাৰী আঞ্চলিক বিষয়া প্ৰশান্ত কুমাৰ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানত নাৱাৰ্ডৰ মূখ্য প্ৰৱন্ধক ৰাজশ্ৰী কাকতি বৰুৱা, মহা প্ৰৱন্ধক কে ইউ বিষ্ণু নাথন, উপ মহা প্ৰৱন্ধক এম ৰবীন্দ্ৰ কুমাৰ ৰেড্ডী, গ্ৰামীণ বিকাশ বেংকৰ অধ্যক্ষ সঞ্জয় নন্দ, মূখ্য মহা প্ৰৱন্ধক আৰ কে শৰ্মা, নাৱাৰ্ডৰ জিলা প্ৰৱন্ধক দিব্যজ্যোতি বিশ্বাস, ইউকো বেংকৰ নলবাৰী প্ৰৱন্ধক চণ্ডী চৰণ কলিতা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে।

সহস্ৰ মহিলাই উপস্থিত থকা অনুষ্ঠানত বিষয়া সকলে আত্মসহায়ক গোটৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ বাবে আহ্বান জনায়৷