
মৰিয়ণিঃ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে মৰিয়ণি চহৰৰ নগৰ থানা আলিত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰি সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবী জনায় চৰকাৰক৷
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত দেশত নিতৌ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। কিছুদিনৰ ভিতৰতে দেশৰ কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আক্ৰমণৰ সন্মুখীন হৈছে৷ ইয়াৰে তিনিগৰাকী সাংবাদিকৰ মৃত্যু হয়৷ বাংগালুৰুৰ মহিলা সাংবাদিক গৌৰী লংকেশক নিজ ঘৰতে হত্যা কৰে দুৰ্বত্তই৷
'ৰাষ্ট্ৰীয় ছাহাৰা’ নামৰ এখন দৈনিক কাকতৰ সাংবাদিকগৰাকীয়ে বিহাৰৰ অৰৱাল জিলাৰ বাশী নামৰ ঠাইত বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ আহি থকা সময়তে আক্ৰমণৰ সন্মুখীন হয়। ত্ৰিপুৰাৰ সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰাৰ মাথো ৩০ ঘন্টাৰ পিছতে পঞ্জাৱৰ মোহালীত কে জে সিং নামৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক হত্যা কৰে দুৰ্বত্তই৷
শনিবাৰৰ পৰিয়ালৰ লোকে সাংবাদিক কে জে সিঙৰ মৃতদেহ উদ্ধাৰ কৰে৷ দেশৰ সাংবাদিকসকলক সুৰক্ষা প্ৰদানৰ দাবীত দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধায়কগৰাকীয়ে সাংবাদিকক সুৰক্ষা দিব নোৱাৰাটো মোডী চৰকাৰৰ চৰম ব্যৰ্থতা বুলি কয়।
বৰ্তমান দেশত সাংবাদিক হত্যাত বিধায়কগৰাকীয়ে চিন্তা ব্যক্ত কৰি সাংবাদিকৰ জীৱনৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ দাবী জনায় চৰকাৰক মৰিয়ণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত যোৰহাট জিলাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে কুৰ্মীয়ে।