26
Sep
2017

তেজপুৰঃ শোনিতপুৰ জিলাৰ ডেকাৰগাঁৱৰ দুৰ্গা পূজা সমিতিয়ে এইবাৰ দুৰ্গা মাক সজাইছে শুৱালকুচিৰ পৰা অনা ২৫ হাজাৰ টকীয়া অসমীয়া পাটৰ সাজেৰে।
৬৫ সংখ্যক তেজপুৰ ডেকাৰগাঁও দুৰ্গা পূজা সমিতিয়ে এইবেলি দেৱী দুৰ্গা, সৰস্বতী, লক্ষ্মীক শুৱালকুচিৰ বগা, ৰঙা আৰু নীলা ৰঙৰ পাটৰ চাদৰ মেখেলা পিন্ধোৱাৰ লগতে কাৰ্তিক আৰু গণেশৰ মূৰ্ত্তিকো অসমীয়া ধূতি গামোচা পৰিধান কৰোৱা দেখা গৈছে।
অসমীয়া পৰম্পৰা ৰক্ষাৰ বাবে ডেকাৰগাও দুৰ্গা পুজা সমিতিৰ এই পদক্ষেপক বহুতে শলাগ লৈছে। ২১ ফুট উচ্চতাৰ পাটৰ কাপোৰ পৰিহিতা প্ৰতিমা নিৰ্মান কৰি উলিয়াইছে বিহগুৰিৰ খনিকৰ টংকেশ্বৰ কলিতাই।