
বঢ়মপুৰঃ ‘পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’- বাণীৰে পুনৰায় পুৰণিগুদামত আৰম্ভ হ'ল দ্বাবিংশতি শাৰদীয় পুৰণিগুদাম শিশু গ্ৰন্থমেলা, ২০১৭৷ শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালকৈ পুৰণিগুদাম প্ৰেছ ক্লাবে বিগত ২১ বছৰে সফলতাৰে আয়োজন কৰি অহা এই শিশু গ্ৰন্থমেলা খনে এই বছৰ ভৰি দিলে ২২ বছৰত।
এইবাৰো অতি আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা ‘কিতাপ পঢ়ক জগত চিনক, কিতাপ পঢ়ক জগত জিনক’ শীৰ্ষক গ্ৰন্থমেলাখন প্ৰেছ ক্লাবৰ সভাপতি তপন কটকীয়ে পতাকা উত্তোলনৰে বুধবাৰে পুৱা শুভাৰাম্ভ কৰাৰ পিছত উপস্থিত হোৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা সহ ৰেল দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে আনুষ্ঠানিক ভাবে দ্বাৰ উন্মোচন কৰে।
বিগত বছৰবোৰৰ দৰে এই বছৰো বিভিন্ন শিশু কেন্দ্ৰীক কাৰ্যসূচীৰ মাজেদি আয়োজিত শিশু গ্ৰন্থমেলা খনিত প্ৰথম দিনটোতে কন-কন শিশুৰ লগতে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ লোকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।
ইফালে মেলা খনত একাধিক গ্ৰন্থ বিপনীৰ লগতে শিশুৰ মাজত বন্যপ্ৰণীৰ উদ্ধাৰ ও সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই সংস্থাপন কৰা এখনি প্ৰদৰ্শনীৰো দ্বাৰা উন্মোচন কৰে মন্ত্ৰীজনে।
পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতিবছৰে দূৰ্গা পূজাৰ সমান্তৰালকৈ শিশুৰ বৌদ্ধিক বিকাশৰ বাবে চলোৱা এনে মহৎ প্ৰচেষ্টাৰ বাবে শলাগ ললে মন্ত্ৰী গৰাকীৰ লগতে গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপক শৰ্মাই।
আনহাতে প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাৰ প্ৰদৰ্শনী চাই আপ্লুত মন্ত্ৰীজনে যুৱক জনক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ একাত্মক প্ৰচেষ্টাই পৰৱৰ্ত্তী সময়ত সমাজত বন্যপ্ৰণী তথা বনাঞ্চলৰ প্ৰতি আমুল পৰিবৰ্তন আনিব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী ৰাজেন গোহাঁইয়ে।