Hindustan Times
Hindustan Times

বাইহাটা চাৰিআলিঃ বাইহাটা চৰিআলিৰ সমীপৰ ভোমোলাহাটীত দুজন যুৱকক দুৰ্বৃত্তই আক্ৰমণ কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে বাইহাটাৰ বেজেৰাৰ সমীপৰ ভোমোলাহাটীত দুৰ্গা পূজা মণ্ডপৰ পৰা কিছু নিলগত যুৱকক দলবদ্ধ আক্ৰমণ কৰে দুৰ্বৃত্তই৷

বেজেৰাৰ মাণিকপুৰ গাঁৱৰ চন্দন ডেকা কংকন ডেকাক আক্ৰমণ কৰে দুৰ্বত্তই৷ কংকন ডেকা নামৰ যুৱজনক সংকটজনক অৱস্থাত GNRCত ভৰ্তি কৰা হয়৷

চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাবে আহত হয় কংকণ ডেকা৷ ঘটনা সন্দৰ্ভত কংকণৰ পিতৃয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ বাইহাটা থানাৰ অন্তৰ্গত শালমাৰাৰ মৃণল ডেকা, প্ৰকাশ ডেকা আৰু জয়ন্ত ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।