চাবুৱাঃ দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতেই শুকুৰবাৰে নিশা চাবুৱাত মাতাল চালকে তীব্ৰবেগে আহি স্কুটিত খুন্দা মৰাৰ ফলত উত্তেজনাৰ সৃষ্টি হয়৷ AS-23-BC-5954 ট্ৰাকৰ চালকে মদৰ ৰাগীত মাতাল হৈ তীব্ৰবেগেৰে ৰখাই থোৱা স্কুটিত খুন্দা মাৰে৷ চাবুৱাৰ বিজয় ফাৰ্মাচিৰ সন্মুখত স্কুটি খন পথৰ দাতিত ৰখাই থোৱা আছিল৷

ট্ৰাকৰ খুন্দাত স্কুটীখনৰ বিদ্ধস্ত হৈ পৰে৷ স্কুটিত খুন্দা মাৰি ট্ৰাকৰ চালক পলায়ণ কৰে। চাবুৱা নগৰৰ মাজমজিয়াত এনে এটা ঘটনা সংঘটিত হোৱাত ৰাইজে ক্ষোভিত হৈ ট্ৰাকত আক্ৰমম কৰে৷ স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰি গাড়ীখন দুখন থানালৈ লৈ যায়।