
মোৰাঝাৰঃ হোজাইৰ বিন্নাকান্দি উন্নয়ণ খণ্ডৰ চামৰালি আঞ্চলিক পঞ্চায়তৰ সদস্য সাহাব উদ্দিন মজুমদাৰে প্ৰস্তুতি চলাইছে বিজেপিত পদাৰ্পণ কৰাৰ৷ বিন্নাকান্দি উন্নয়ণ খণ্ডত ৰাইজৰ হকে কাম কৰি ৰাইজৰ আশীৰ্বাদ লাভ কৰা যুৱ নেতা গৰাকীয়ে কিছুদিন পূৰ্বে ৰাজনৈতিক ষড়যন্তৰ বলি হৈ জেইলত থাকিব লগীয়া হৈছিল৷
জামিনত জেইলৰ পৰা ওলাইয়েই নেতা গৰাকীয়ে এইবাৰ ৰাইজৰ হকে কাম কৰি যাবলৈ বিজেপিত খোজ দিয়াৰ পৰিকল্পনা হাতত লৈছে৷ শনিবাৰে এই সন্দৰ্ভত নেতা সাহাব উদ্দিনে স্থানীয় অঞ্চলটোৰ সহস্ৰাধিক লোকৰ সতে মিলিত হৈ এই বিষয়ে বিতং আলোচনা কৰে৷
তাতেই ৰাইজৰ আহ্বানক নুই কৰিব নোৱাৰি নেতা গৰাকীয়ে ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আনহাতে ৰাইজৰ সতে হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে সাহাব উদ্দিনে বিজেপি দলক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত কাৰ্যকালৰ বাকী সময় খিনিত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে যুৱ নেতা গৰাকীয়ে৷
উল্লেখ্য যে, সাহাব উদ্দিনৰ বিজেপি গমনক লৈ যমুনামুখৰ ৰাজনীতি যে তুংগত উঠিব এয়া নুই কৰিব নোৱাৰি। আনফালে যুৱ নেতা সাহাব উদ্দিনে যমুনামুখ সমষ্টিৰ চুকে কোনে ইতিমধ্যে এক শক্তিশালী ৰাজনৈতিক ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে৷