
ডিজিটেল ডেস্কঃ আজি দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ জন্মদিন৷ দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ১৯৪৫ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশৰ ডেৰাপুৰৰ পৰাওঁখ গাঁৱত জন্ম গ্ৰহণ কৰিছিল৷ আজি ৰাষ্ট্ৰপতিগৰাকীক পুৱাই ৭২ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ মোডীয়ে পুৱাই টুইট কৰি এনেদৰে কয় "Birthday wishes to Rashtrapati ji. May Almighty bless him with a long and healthy life devoted to the service of our nation"৷
মোডীয়ে লগ ধৰিও শুভেচ্ছা যাচে ৰাষ্ট্ৰপতিগৰাকীক৷ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৰাষ্ট্ৰপতিক লগ ধৰি জন্মদিনৰ শুভেচ্ছা যাচে৷ আনহাতে জন্মদিনটোত ৰাষ্ট্ৰপতি কোৱিন্দে মুম্বাইৰ ছিৰদিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে বিমান বন্দৰৰ পৰা উৰা মৰা প্ৰথম খন বিমানৰ ফ্লেগ অফ কৰে৷
বিত্তমন্ত্ৰী অৰুন জেটলী, তথ্য সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণী, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু, ছত্তীছগড়ৰ মুখ্যমন্ত্ৰী ৰমন সিং, বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সহিতে দেশৰ বহু ৰাজনেতাই ৰাষ্ট্ৰপতিগৰাকীক জন্মদিনৰ শুভেচ্ছা যাচে৷ ৰাজনীতিবিদ, দলিত নেতা আৰু তথা অধিবক্তা হিচাপে পৰিচিত ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হয়। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল। তেওঁক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰোৱায়।