
গুৱাহাটীঃ এগৰাকী যুৱতীৰ এটি ফেচবুক পোষ্টে হৈ চৈ লগাইছে ৰাজ্যত৷ চলন্ত ট্ৰেনৰ ভিতৰত এগৰাকী লোকে অশ্লীল ইংগিত দিয়াৰ বৰ্নণা দিয়া ফেচবুক পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ প্ৰায় ১৬ ঘন্টা পুৰ্বে আপডেট দিয়া পোষ্টটো প্ৰায় ১৬৫০গৰাকী লোকে চেয়াৰ কৰাৰ লগতে শ শ লোকে কমেন্ট কৰি ঘটনাক গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনায়৷ বহিঃৰাজ্যত ট্ৰেইনৰ অশ্লীল ইংগিতৰ সন্মুখীন হোৱা বুলি ভিডিঅ’ সহ ফেচবুকত আপলোড কৰি বৰ্নণা কৰে অসমৰ যুৱতীগৰাকীয়ে৷
বহিঃৰাজ্যত অসমৰ যুৱতী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে দিল্লীৰ পৰা ডেৰাডুন অভিমুখে গৈ থকা ট্ৰেইনত অশ্লীল ইংগিতৰ সন্মুখীন হয় গুৱাহাটী মহানগৰীৰ যুৱতী দুগৰাকীয়ে।পোষ্টটো দিয়াৰ পিছত একাংশ লোকে বহিঃৰাজ্যত অসমৰ যুৱতী সুৰক্ষিত নহয় বুলি কয়৷
অনমিকা নামৰ যুৱতীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টৰ টাইমলাইনত এনেদৰে বৰ্নণা কৰে "এইটো মোৰ ভাগিনৰ লগত হোৱা এটা অতি লাজলগা ঘটনা।তাইৰ লগত হোৱা এই ঘটনাটোৰ তাই যথেষ্ট সাহসেৰে প্ৰমাণ ৰাখিলে। এই ঘটনাটো ঘটিছিল ২০১৭ চনৰ এক অক্টোবৰৰ নিশা প্ৰায় এক বজাত দিল্লীৰ পৰা ডেৰাডুন লৈ যাব লগা ট্ৰেন খনত। ট্ৰেইন খনৰ নম্বৰটো হৈছে ১২২০৫। ট্ৰেন খনে ৩০ অক্টোবৰৰ ৰাতি ১১.৫০ত দিল্লী ষ্টেচন এৰিছিল। মই আৰু মোৰ ভাগিনে ওপৰৰ ভাগত (upper berth) একাষৰীয়াকৈ শুই আছিলোঁ। মই টোপনিত ইমানেই লালকাল আছিলোঁ যে ৰাতিপুৱা তাই কওঁতেহে মই গোটেই ঘটনাটো গম পালোঁ ট্ৰেইন খনত এজন মানুহ আমাৰ সন্মুখৰ ভাগত (breth) শুই আছিল। তেওঁৰ ছিট নম্বৰটো আছিল ৬৪ ক'ছ বি-৫। সেই মানুহ জনে তাইক বৰকৈ চাই আছিল। মানুহ জনৰ এনে কাণ্ডত তাই বিৰাট অশান্তি পোৱাৰ লগতে যথেষ্ট ভয়ো খাইছিল। তাই নিজৰ বন্ধুবৰ্গক এই কথাখিনি জনোৱাত বন্ধুসকলে তাইক ঘটনাটো ভিডিঅ’ কৰি ৰাখিব দিলে। একেলেঠাৰিয়ে চাই থকাৰ উপৰিও মানুহটোৱে কিছুমান অশ্লীল আচৰণো কৰিছিল যিবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।তেওঁ কৰা ভিডিঅটোত গোটেই ঘটনাটো আৰু মানুহ জনে কৰা আচৰণ বোৰ প্ৰকাশ পাইছে"৷
এনেদৰে নিশা ভয়াবহ বিপদত পৰাৰ ঘটনাক বৰ্নণা কৰে অনমিকা নামৰ যুৱতীগৰাকীয়ে৷ আনহাতে যুৱতীগৰাকীয়ে সাহসেৰে মুখামুখী হৈ নিজক ৰক্ষা কৰা নহয় সাহসেৰে নিশাৰ প্ৰতিচ্ছবি ৰাজহুৱা কৰিবলৈ সক্ষম হৈছিল৷ ৰেলত ভ্ৰমণত কৰাত যে যুৱতী সুৰক্ষিত নহয় সেই কথা আকৌ এবাৰ প্ৰমাণ কৰে৷
কেন্দ্ৰীয় চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে নিতৌ ব্যৱস্থা গ্ৰহণৰ কথা কৈ আহিছে যদিও সকলো কথা ফুটুকাৰ ফেনত পৰিণত হয়৷ যুৱতীগৰাকীয়ে তথ্য সহকাৰে ঘটনাটো বৰ্নাণা কৰাৰ পিছত ৰেল মন্ত্ৰীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷ দিল্লীকে ধৰি কেবাখনো বহিঃৰাজ্যত অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ পুৰুষ-মহিলা সময়ে সময়ে আক্ৰমণৰ সন্মুখীন হৈ আহিছে৷
বহিঃৰাজ্যত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী, ভ্ৰমণৰ বাবে যোৱা তথা বিভিন্ন কামৰ বাবে দিল্লী সহিতে বিভিন্ন ৰাজ্যত বসবাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায় একাংশ লোকে৷ প্ৰায় ১৭ ঘন্টা মূৰকত যুৱতীগৰাকীয়ে ফেচবুক পোষ্টটো নিজৰ টাইমলাইনৰ পৰা আতৰাই পেলায়৷