02
Oct
2017

শুক্লাইঃ পানেৰী থানাৰ অন্তৰ্গত ১নং নিজ গৰুৱাঝাৰৰ এটি পৰিয়ালত হাহাকাৰ পৰিস্থিতি। পৰিয়ালটোৰ একমাত্র ডেৰ বছৰীয়া পুত্ৰ সন্তান বিতা আজি ১২ দিন ধৰি নিৰুদ্দেশ৷
থুনুক-থানাক খোজেৰে মৰমলগা বিতা নিৰুদ্দেশ হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত। গৰুৱাঝাৰৰ মোহন কৰ্মকাৰ নামৰ শ্ৰমিক জনৰ একমাত্র সন্তান বিতা কৰ্মকাৰ ২০ ছেপ্টম্বৰত ঘৰৰ পৰাই নিৰুদ্দেশ হয়।
বহু বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰি হতাশাত ভাগি পৰিছে পৰিয়ালটো। ইতিমধ্যে ডেৰবছৰীয়া বিতা কৰ্মকাৰ ঘৰৰ পৰাই নিৰুদ্দেশ হোৱা সম্পৰ্কত পৰিয়ালে পানেৰী থানাত এজাহাৰ দাখিল কৰিছে।