ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আটৱালে যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত নিজৰ নামকে পাহৰি বিতৰ্কত সোমাই পৰিছিল মন্ত্ৰীগৰাকী৷ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে নাম ভূলকৈ কোৱা বুলি কোৱাত হে ত’ত আহিছিল গাত৷ ২০১৭ চনৰ চেম্পিয়ণ ট্ৰফিত পাকিস্তানৰ হাতত ভাৰতে পৰাজয় বৰণ কৰাত ভাৰতীয় দলৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মন্ত্ৰী আটৱালে৷

বিতৰ্কই লগ নেৰা মন্ত্ৰীগৰাকীয়ে বিদেশী মদ খাবৰ বাবে দলিত যুৱকক সেনা বাহিনীত যোগ দিবলৈ কৈ নতুন বিতৰ্কত সোমাই পৰিছে৷ পুৰ্বে ভাৰতীয় সেনাত সংৰক্ষণ বিচাৰি সৰৱ হৈ পৰা সামাজিক ন্যায় মন্ত্ৰীগৰাকীয়ে এইবাৰ নিজৰ যুক্তি দিবলৈ গৈ কয় "সেনাত ভাল খাব আৰু বিদেশী মদ দিয়ে৷ বেকাৰ থাকি দেশী মদ পান কৰাতকৈ বিদেশী মদ পান কৰিবৰ বাবে দলিত যুৱকে সেনাত যোগ দিব লাগে"৷

দেওবাৰে মহাৰাষ্ট্ৰৰ পুনেত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰে ৰামদাস৷ যুদ্ধ তথা সংঘৰ্ষত সেনা জোৱান শ্বহিদ হোৱা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিবলৈ গৈ কয় "দুৰ্ঘটনাত বেছি মানুহ মৰে৷ এটা ভূল ধাৰণা যে সেনাত যোগ দিলেই শ্বহিদ হৈ যাব"৷   দলিতসকলক সেনাত যোগ দিয়াৰ আহ্বান জনায় কয় "দলিতসকল যুজাৰু মানসিকতাৰ লোক, তাৰ বাবে তেওলোকে সেনাত যোগ দিব লাগে"৷ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিৰোধীয়ে মন্ত্ৰীগৰাকীক উভতি ধৰাৰ লগতে বিজেপিকো সমালোচনা কৰা দেখা যায়৷