নলবাৰীঃ নলবাৰী সমষ্টিৰ অগপৰ দতৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত নাৰপাৰ প্ৰাথমিক বিদ্যালয় বাকৰিত অগপৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়।

অগপ নেতা পৰেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক গুণমণি ভূঞা, দীপক ডেকা, সম্পাদক বুবুল কলিতা, নলবাৰী জিলা যুৱ পৰিষদৰ সভাপতি কনক দাস উপস্থিত থাকি ভাষণ ৰাখে।

শতাধিক লোকে ভাগ লোৱা সভাত আটাইকেইজন নেতাই দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ দলীয় কৰ্মী সকলক আহ্বান জনায় আৰু আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলক সাজু কৰাৰ স্বাৰ্থত ঘৰে ঘৰে গৈ ৰাইজৰ লগত মতবিনিময় কৰিবলৈ পৰামৰ্শ দিয়ে।